Saturday, December 15, 2007

উৰণীয়া মৌ

আৰূ কেইসপ্তাহ মানৰ পাচত সিহঁত আমেৰিকালৈ যাবগৈ| যোৱা দহ এঘাৰ মাহৰ প্ৰস্তুতিৰ পাচত সি আমেৰিকাত কাম কৰিবলৈ ভিজা খন পালে| যদিও এই কথাটো লৈ সিহঁতে প্ৰথমতে অলপ গুণাগথা কৰিছিল, এবাৰ চাকৰি বিচৰা, ভিজা আবেদন কৰা আদিৰ দৌৰা দৌৰি আৰম্ভ হৈ যোৱাৰ পাচত সি আচলতে কিয় যাব বিচাৰিছে তাক লৈ চিন্তা কৰাৰ অৱকাশ পোৱা নাছিল| এতিয়া প্ৰায় প্ৰস্তুতিৰ সামৰণি পৰ্ব, এতিয়াৰ চাকৰিত সি পদত্যাগৰ ঘোষণা কৰিলে, নতুন চাকৰিত যোগ দানৰ দিন বাৰ প্ৰায় ঠিক হৈ গ'ল, এতিয়া সি শেষ বাৰৰ বাবে আকৌ ভাবিছে সি কিয় যাবলে ওলাইছে|

সি বৰ বন্ধু বান্ধৱ লৈ ফূৰা বিধৰ নহয়, কিন্তু চাৰি বছৰৰ আগতে সিহঁত চাকৰি সলায় এতিয়াৰ চহৰলে আহিছিলে তাৰ পাচত সিহঁতৰ এহাল খুব ভাল বন্ধু হ'ল| তাহাঁতৰ সান্নিদ্ধ্য সি হেৰুৱাব| আগতে সি ভাবিছিলে, সোনকালে, সি চাকৰি জীৱন সামৰি, কোনো সমাজ সেৱী অনুস্থানত যোগদান কৰিব, কিন্তু এই চাৰি বছৰত সি তাৰ বন্ধুৰ সতে কথা পাতি, কাম কৰি, অফিচৰ স্বেচ্ছাসেৱী গোটটোৰ লগ লাগি সি বহুতো অনুস্থানৰ লগত কাম কৰি আজি কালি সি এটা সিদ্ধান্তত উপনিত হৈছে : জীৱনত প্ৰথমতে চাকৰি কৰি, ধন গোটাই লৈ উঠি পাচ বয়ষত লোকৰ সেৱা কৰিম বুলি ভাবি থাকি লাভ নাই, চাকৰিৰ আঠ ঘণ্টা কাম কৰিও, অলপ সময় আনৰ কাৰণে উলিয়াব পৰা যায় আৰু যাব| মানুহৰ জীৱনৰ কোনো ঠিকনা নাই, কৰিম বুলি ভবা কাম পাচলে পেলাই থলে, কেতিয়বা আধা হৈ থাকি যোৱাৰ ভয় আছে|

পাচে আমেৰীকা গৈ সি তাৰ কাম কেনেদৰে আগ বঢ়াব সি নাজানে, হয়তু নেট-ৰ যোগেদি কিবা কিবি কৰি, আৰ্থিক দান বৰঙনি দি সি কাম চলাব| গৈ পোৱাৰ পাচত সি ভাবিব, নতুন পৰিস্থিতিত কাম কেনেকে চলাই যাব| সেইটোও এটা কাৰণ, তাৰ আমেৰীকা যোৱাৰ| একে ঠাইতে সি চাৰি বছৰতকৈ অধিক কাল কটালে, লাহে লাহে তাৰ কৰ্ম দক্ষতাত শেলুৱৈ ধৰাৰ ভয় আছে, অলপ চাগে ধৰিছেও| নতুন চাকৰি, নতুন ঠাই, নতুন দেশ - তাত গৈ সি আকৌ যূজিব লাগিব নিজক স্থাপন কৰিবলৈ, সিয়ে তাৰ দক্ষতাক আকৌ ধাৰ দিব|

কিন্তু বিদেশ যাবলে সি অলপ চিন্তাও কৰিছে| অসমৰে পৰা বাহিৰ ওলোৱাৰ পাচত, দেউতাকহঁতে তাহাতৰ তাত থাকিবলে দুবাৰ মানহে আহিছে, এতিয়া ভাৰতৰ বাহিৰ হ'লে চাগে কত আৰু আহিব| বয়স হৈছে দেউতাকহঁতৰ, বৰ ঘুৰা পকা কৰি ফূৰিবলে ভাল নাপায়, তাৰ ছোৱালী জনীয়ে ভাল দৰে ককাক আইতাকক লগেই নাই পোৱা| এতিয়া কিবা এটা হ'লে পতককৈ দৌৰ মাৰি আহিবলেও দিগদাৰ আছে| লগতে তাৰ বিবাহোপযোগী ভনীয়েকৰো বিয়া খন দি দিব পৰা হ'লে ভাল আছিলে, এতিয়া ইমান দুৰৰ পৰা হাকুতি লগাই কামবোৰ কৰিবলৈকে দিগদাৰ আছে|

তাৰ কাৰণে, জীৱনটো হ'ল নতুন নতুন অভিজ্ঞতা লোৱাৰ বাবে| চাৰি বছৰৰ আগতে সিহঁতে সকলো বস্তু সামৰি সুতৰি চাকৰি এৰি এই চহৰলৈ আহি নতুন কৈ জীৱন আৰম্ভ কৰিলে, এইটোৱে তাহাঁতক অনেক কথাই সিকালে| এতিয়া আকৌ আৰম্ভ কৰিব খুজিছে এটা নতুন আৰম্ভণি| আকৌ চাগে কেইবছৰ মানৰ পাচত সিহঁতে ঠাই, চাকৰি, দেশ সলাব, নতুনত্বৰ সন্ধানত| ভূপেনদাই গোৱাৰ দৰে -"মই যেন আজীৱন উৰণীয়া মৌ.." | খালি পাচত গৈ আকো দূখ কৰিব লগীয়া নহলেই হ'ল - "জীৰণীয়া মৌ দেখি ভাবো একোবাৰ, মই কিয় ঠিকনা বিহীন"||