Thursday, April 2, 2009

খেতিৰ দিন

তাঁহাতৰ গাঁৱৰ ঘৰত খেতিৰ দিন বোৰ বছৰত দুবাৰ আহে|এবাৰ জেঠ আহাৰ শাওণ/জুন - জুলাই মাহত এবাৰ আঘোণ পুহ/নভেম্বৰ ডিছেম্বৰ মাহত| মানে ধান ৰোৱাৰ দিনত আৰূ ধান দোৱাৰ দিনত| এই দুই সময়ত গাঁৱৰ ঘৰত সকলোৱেই ব্যস্ত, লগতে হাত উজান দিবলে চহৰৰ পৰা মাজে মাজে তাৰ দেউতাক, দদাইদেউ, বৰদেতাহঁতো যায়হে| ঘৰখনত যেনিবা এইকেইমাহ ধুমুহাহে আহে, ঘৰৰ বৰতা একদম ব্যস্ত, মাজে মাজে চহৰলৈ আহে, ট্ৰেক্টৰৰ বেয়া হ'লে ভাল কৰাবলে, ঘৰৰ ৰচদ পাতি কিনি নিবলে| তাহাঁত সৰু বোৰৰ কাৰণে কিন্তু একেবাৰে ফূৰ্টিৰ বতৰ, স্কুলৰ চুটীবোৰো যেনিবা খেতিৰ লগত মিলাইহে দিয়ে| সি সৰু থাকোতে গৰমৰ বন্ধ আৰু বছৰেকীয়া পৰীক্ষাৰ বন্ধত প্ৰায় গোটেই মাহটোৱেই গাঁৱৰ ঘৰত কটাইছিলেগৈ|

দুয়োটা দিনতেই ব্যস্ততা সমানেই থাকে, দৌৰা দৌৰি খিনিও সমানেই থাকে আৰু ঘৰত দিনটোৰ কামবোৰ একেধৰণেই থাকে যদিও বতৰ আৰু পথাৰৰ পৰিবেশ সম্পূৰ্ণ বেলেগ| আহাৰৰ ৰোৱনী বোৰ আঘোণত দাৱনী হয়, আহাৰৰ বোকা ৰাষ্টা গৈ হয়গৈ আঘোণত ধূলীময়, পথাৰৰো আঠুৱনী দ বোকা শুকাই কৰবাত চিৰাল ফটা দিয়ে| আনকি ঘৰৰ বলধ হালৰো কামৰ দায়িত্ব সলনি হয়, আহাৰত দিনটো হাল বোৱা গৰু হালে আঘোনত পাচবেলাটো ধানৰ ডাঙৰী ভৰা গাড়ী টানে আৰু গধূলী চোতালত মৰণা মাৰে| সিহঁত সৰুবোৰৰো কামবোৰ সলনি হয়| ধান ৰোৱাৰ বতৰ মানে হৈছে পথাৰত মাছ মৰাৰ বতৰ, পথাৰত গৈ মৈত উঠাৰ আৰু ভৰিত লগা ম'হ জোক এৰোৱাৰ বতৰ| ঘৰৰ পূখূৰীতো এই সময়ত পানীৰে উপচি থাকে আৰু সিহঁতে দুপৰীয়া পথাৰৰ পৰা আহি পাৰে মানে পানী খেলে| ধানদোৱাৰ সময়ত আকৌ সিহঁতৰ মূল আকৰ্ষণটো হ'ল ঘৰ আৰু পথাৰৰ মাজত মাকু মাৰি থকা ডাঙড়ী অনা গৰু গাড়ী বা ট্ৰেক্টৰ খনত উঠা, ঘৰৰ পৰা যোৱাৰ পৰত ইমান মজা নাই, উভতি আহোতে, ডাঙৰী ভৰ্তি গাড়ীৰ একেবাৰে ওপৰত উঠি আহিবলৈ পালেহে মজাটো আহে| এই সময়ত দিনটো চুটি আৰু বতৰ ঠাণ্ডা, কোনোমতে গাটো ধুই, ভৰিয়ে হাতে খুব মিঠাতেল ঘহাঁৰ কাম, তেতিয়াহে যদি পথাৰত পকা ধানে অলপ কমকে কাটে|

ঘৰত কিন্তু কামবোৰ প্ৰায় একেই থাকে, ৰাতিপূৱাই আহি হালোৱা কেইটা ঘৰৰ পাচ চোতালত হাজিৰ হয়হি| ঘৰৰ বৰআইতাহঁতে চাহ পানীৰ যোগান ধৰে মানে সিহঁত সৰু কোনোবা এটাৰ ভাগত পৰে দিনটোৰ বিড়ী ধপাতৰ যোগান ধৰা| প্ৰতিটো হালোৱাৰ ভাগত কি কি পৰিব আগতেই ঠিক কৰা থাকে, কোনোবাটোৰ কাৰণে ধপাত এখিলা, কোনোবাটোৰ কাৰণে বিড়ী দুটা আৰু জুইশলা কাঠী দুটা| চাহ পানী খাইলৈ হালোৱা বোৰ নিজৰ নিজৰ কামত ধৰে| ট্ৰেক্টৰ চলোৱাটোৱে তেল পানী ভৰাই নিজৰ সা সৰন্জাম লৈ ওলাই যাই, বাকি হালোৱাই কোৰখন বা কাচি খনৰ লগতে ডাঙৰী তমালি বান্ধিবলে লৈ ওলাই যাই| ৰোৱনী বা দাৱনীবোৰ প্ৰায়বোৰেই নিজৰ ঘৰৰ পৰা পথাৰলেই পোনাই, তাহাঁতৰ খোৱাৰ যোগাৰ ঘৰৰ পৰা হয়| ঘৰৰ ৰান্ধনীশালৰ জুই এইকেইদিনত নুনুমায়েই| ৰাতিপুৱাই হালোৱাক চাহ দি উঠাৰ পৰাই আৰম্ভ, তাৰ পাচত ঘৰত থকা মানুহখিনিৰ বাবে জলপান, সাধাৰণতেই আলু পিতিকা পইতা ভাত লগতে বতৰৰ কিবা এটা বস্তু| এইখিনি সময়তেই ঘৰৰ কোনোবা এটাই বা হালোৱা এটাই পথাৰৰ ৰোৱনী দাৱনী খিনিলৈ চাহ লৈ যায়| তাহাঁত সৰুবোৰ থাকিলে, তাহাঁতৰ কাম হৈছে পথাৰৰ পৰা গৈ চাহৰ কেটলী কেইটা লৈ অনাগৈ, লগতে বৰষূনৰ বতৰত এই সুযোগতে অলপ বোকা লেটি, মাছ ধৰি অহা| ৰান্ধনিশালত এই সময়তেই ঘৰৰ আৰু ৰোৱনী/দাৱনী হালোৱাৰ কাৰণে দুপৰীয়াৰ ভাতৰ যোগাৰ আৰম্ভ হৈ যায়| তাহাঁতে পথাৰৰ পৰা আহি পাই আলপ ইটো সিটো কৰি গা পা ধুই দুপৰীয়াৰ ভাতসাজ খাই আৰু তাৰ পাচতে আকৌ পথাৰলৈ দৌৰ ধৰে, এই বাৰ পথাৰৰ মানুহখিনিৰ বাবে ভাত লৈ|

ধান ৰোৱাৰ দিনত পাচবেলালৈ ঘৰত ইমান কাম নাথাকে| ৰোৱনীবোৰ পথাৰৰ পৰাই ঘৰা-ঘৰী যায়গৈ, হালোৱাখিনিও প্ৰায় যায়গৈ, মাত্ৰ কেইজনমানেহে পাচদিনাৰ কঠিয়া নিয়া টমালী আদি বনাই মেলি থাকে| ধানদোৱাৰ দিনত কিন্তু ৰূপটো বেলেগ হয়| দাৱনী পথাৰলৈ যোৱাৰ পৰতেই ৰাতিপূৱাই দুজন মান হালোৱাই ঘৰতেই চোতালত আগৰাতি মৰণা মাৰিথোৱা ধান খিনি বহলাই মেলি দিয়ে ৰদত শুকাবলে| সেই কামটো কিন্তু অলপ আমনিদায়ক, দিনটো কৰি থাকিব লাগে আৰু ধূলি আৰু শুকান বতৰ মিলি একেবাৰে হাত ভৰিবোৰ চিট চিটাই যায়| প্ৰথমতেই আগৰাতি দমাই থোৱা ধানখিনি গোটেই চোতালত সিচি দিব লাগে| তাৰ পাচত লাহে লাহে তাৰ ওপৰে ওপৰে সোতা (ঝাৰূ) মাৰি ধানৰ পৰা খেৰবোৰ বেলেগ কৰিব লাগে| সেইটো আক' একেবাৰতে নহয়, কেইবাবাৰো ওলোটা চিধা কৰি থকাৰ পাচতহে হযগৈ| প্ৰথমে ধান সিচি ঝাৰূ মৰাৰ পাচত ধান খিনিৰ মাজেদি ভৰিৰে দীঘল দীঘল কৈ সমান্তৰাল নলা বনাই| তেতিয়া ধানৰ মাজৰ পৰা আকৌ খেৰ কূটা বোৰ ওলাই আহে, লগে লগে আকৌ ওপৰে ওপৰে ঝাৰূ দিয়ে| তাৰ পাচত আগৰ নলাকেইটাৰ মাজত পথালিকৈ ওখনা মাৰি দিয়া, আকৌ আৰু অলপ খেৰ কূটা বাহিৰ হৈ আহিব, আকৌ ঝাৰূ দিয়া আৰু এইবাৰ পথালিকৈ ভৰিৰে নলা বনোৱা| এনেকৈ কেইবাবাৰো কৰাৰ পাচত ধানৰ পৰা প্ৰায়খিনি খেৰ বাহিৰ হৈ যাইগৈ| তেতিয়া শেষত ধানখিনিত নলা বনায় থৈ ৰদতে দিনটো এৰি দিয়া যায় শুকাবলৈ| খালি মাজে মাজে ভৰিৰে আগৰ নলাটো ভাঙি পথালিকৈ নলা বনাই দিয়া হয় যাতে ধানবোৰ ভালকৈ শুকাই| আবেলী ভাত খাই উঠি ঠাণ্ডা দিনৰ বেলি কোমল হোৱাৰ লগে লগেই চোতালৰ ধানখিনি সামৰিবৰ হয়| প্ৰথমতে ধানখিনি গোটাই দম কৰি তাৰ পাচত পাচিৰে নি ভৰাল ঘৰত সোমোয়াই দিয়েগৈ|

চোতালত মেলিথোৱা ধানখিনি সামৰাৰ লগে লগেই আৰম্ভ হয় পাচৰ পৰ্ব, মৰণা মৰা| পথাৰৰ পৰা আনি দমাইথোৱা ধানৰ ডাঙৰীবোৰ এটা এটাকৈ চোতালৰ মাজত গোল গোলকৈ শাৰী পাতি সজাই লোৱা হয়| হালোৱা কেইজন মানে ডাঙৰীবোৰ আনি চোতালৰ মাজত সজাই দিয়ে আৰু তাঁহাতে এটা এটাকৈ তমাল বোৰ খুলি ধানখিনি বহলাই দিয়ে|পাচত তমালবোৰ গন্তি কৰি হিচাব কৰে কিমান ডাঙৰী মৰণাৰ বাবে পেলালে| এবাৰ মৰণাটো সজোৱাৰ লগে লগেই কোনোবা এটাই ট্ৰেক্টৰখনলৈ মৰণা মাৰিবলে আৰম্ভ কৰে| মৰণা মৰা মানে কামটো হৈছে ধানৰ গুটিবোৰ গছজোপাৰ পৰা বেলেগ কৰা| গতিকে ডাঙৰীবোৰ গোলকৈ সজাই লৈ তাৰ ওপৰত গৰু এহাল বা ট্ৰেক্টৰখন ঘূৰাই থাকিলে এসময়ত ধানবোৰ খেৰৰ পৰা বেলেগ হৈ সৰি যায়| মৰণাৰ প্ৰথমচোৱাত ধানৰ দম বোৰ বৰ ওখোৰ মোখৰা হৈ থাকে, গতিকে তাঁহতবোৰে বৰ ভাগ নলয়, এবাৰ মৰণা মৰি লোৱাৰ পাচত, বাকি হলাৱা বোৰে ওখোন মাৰে, মানে ওখোন এদাল এদাল লৈ গোটেইবোৰে ধানখেৰ খিনি জোকাৰি দিয়ে, তেতিয়ালৈকে যিখিনি ধান খেৰৰ পৰা সৰিচিলে, সেইখিনি সৰকি তললে পৰি যায়, তাৰ পাচত আকৌ মৰণা মাৰে| এনেকৈ কেইবাৰ মান মৰণা আৰু ওখোন মৰাৰ পাচত, ৰাতি ভাত খোৱা পৰলে ধানখিনি সৰি শেষ হয়গৈ| তেতিয়া এবাৰ খুব ভালকৈ ওখোন মাৰি খেৰখিনি ধানৰ পৰা বেলেগ কৰা হয়| তেতিয়া খেৰখিনি এটা এটাকৈ ডাঙৰ ডাঙৰ দমকৰি খেৰৰেই ৰছী বনাই বান্ধি নি খেৰ ঘৰত সোমোৱাই থয়গৈ| এইবোৰ সকলো কাম হৈ যোৱাৰ পাচত চোতালৰ ধানখিনি গোটাই এচুকত দম কৰি থৈ দিয়ে পাচদিনা ৰদত মেলি শুকুৱাবলৈ, লগতে বস্তা, টিৰপাল আদিৰে ধাকি থয় যাতে ৰাতি নিঁয়ৰ পায় আৰু নিতিতে| গোটেই মৰণামৰা কাৰবাৰটো তাঁহাত সৰুবোৰৰ বাবে খূব আনন্দৰ কাম, প্ৰথমতে মৰণা সজোৱা, ওখোন মৰাৰ সময়ত সিহঁতে খেৰত ওলত খৰ মাৰি জপিয়াই ধেমালি কৰা, আৰু শেষতগৈ খেৰঘৰত উঠি খেৰবোৰ ওপৰত সজায় থোৱা, সকলোখিনিতেই তাঁহাতৰ বাবে কিবা নহয় কিবা এটা ভাগ থাকে|

খেতিৰ দিনবোৰ এতিয়া আৰু আগৰদৰে পোৱা নাযায়, স্কুলীয়া সময়ত গৰমৰ বন্ধ আৰু বছৰেকীয়া পৰীক্ষাৰ বন্ধবোৰত সিহঁত নিয়মীয়াকৈ গাঁৱলৈ গৈছিল, দেউতাকহঁতেও পঠিয়াইছিল গাঁৱৰ ঘৰলৈ গৈ অলপ মাটি বালিৰ সান্নিধ্য লৈ আহিবলে| এতিয়া আৰু নিজৰ চহৰখনলৈকে যোৱা হয় অনিয়মীয়াকৈ, গাঁওখনলৈ আৰু কমকৈ| এতিয়া সি ভাবে, সৰুতেই নিয়মীয়াকৈ গাঁৱলৈ গৈছিল বাবেইটো সি এতিয়াও গাঁওখনৰ পৰিবেশটোৰ লগত একাত্ম হব পাৰে, এতিয়াও অসমখন অলপ চিনি পাই বুলি ভাবে, ঘৰৰ মানুহ খিনিৰ কথা-বতৰাবোৰ অলপ বুজে| মুঠৰ ওপৰত খেতিৰ দিনবোৰ হৈছিল ডাঙৰবোৰৰ বাবে বহুত কামৰ দিন, জীৱিকা আৰ্জনৰ সময় কিন্তু তাঁহাত সৰুবোৰৰ কাৰণে সেয়া আছিলে পৃথিৱীৰ পঢ়াশালিত প্ৰথম খোজ, ধেমালিৰ মাজেৰে শিকনীৰ লেচাৰি বোটলাৰ সময়|

4 comments:

  1. ভিষণ ভালো লিখেছেন । এই কথাটা বিশেষ করে । আপনি অসমিয়াতে আমি বাংলাতে লিখি । আমাঝে মধ্যে আমার এখানেও ভ্রমণ করবেন
    সুশান্ত কর

    ReplyDelete
  2. আপোনার ব্লগত লিখার বাবে অভ্রর পরা সোলেইমান লিপি ডাউনলোদ করক। আরু ভাল লাগিব।
    http://sushantakar40.blogspot.com/2009/09/its-that-ananda-making-puza-to-take.html
    ইয়াত পুজার স্মপর্কে মোর কিছু অনুভূতি ইংরেজিত পঢ়িবর বাবে নুরোধ থাকিল । বাংলা 'র' দি কাম চলালু বুলি ক্ষমা করিব।

    ReplyDelete
  3. Don't be frustrated . see these links. You will get hundreds of tips on blogging:(1)
    http://www.banglahacks.com/2008/11/blog-post_08.html
    (2)http://www.bloggertipsandtricks.com

    ReplyDelete
  4. ভাল লাগিল পঢ়ি......

    ReplyDelete