Tuesday, May 22, 2007

ৰত্নাকৰৰ বংশধৰ

মানুহজনে পইছা খাই.. মানে চৰকাৰী ধনৰ অপব্যৱহাৰকৰে। সমন্ধত তেখেত মোৰ নিকট সম্পকীয়। তেখেতে আমাক খুবেই মৰম কৰে, আমি তেখেতক সহজে উলাই-ও কৰিব নোৱাৰো, গতিকে এই বিষয়ে কাহানিও কথা নহয়, যদিও মই এই কথাতো বৰ পচন্দ নকৰো। চকু মুদি এই কথাতো নজনাৰ দৰে মই থাকো, মানুহ জনৰ লগত ভাল ব্যৱহাৰ কৰো, মিলি জুলি থাকো, বিহুৱে পাৰ্বনে সেৱা জনাও। বেয়া কথা, ইমান বোৰ বিষয়ত মই সমাজ খন ভাল হওক বুলি চিঞৰ বাখৰ কৰো, মানুহক গালি গালাজ কৰো, নিজৰ মানুহ বুলি চুপ চাপ থাকো.. তেখেত সদ্যহতে যথেষ্ঠ উচ্চখাপৰ বিষয়া, ৰাজ্য খনত তেখেতৰ বিভাগৰ কিবা গাফিলতি হলে তেখেতৰো ওপৰত চকু পৰিব..

অলপতে এটা কথা হ'ল.. তেখেতে মোক মাতি নি সুধিলে যে অলপ পইছা আছে তেখেতৰ ওচৰত আৰু সেইখিনি আমি ৰাখিব পাৰিম নেকি.. মানে কথাতো হ'ল, পইছাখিনি দুই নম্বৰী, গতিকে লুকুৱাই ৰাখিবলে আমাৰ সহায় লাগে. আৰু অলপ দিন পাছতেই তেখেতে অৱশৰ লব, গতিকেই হয়তো আগলৈও যাতে এতিয়াৰ দৰে আৰম্বৰেৰে থকাৰ যোগাৰ কৰিছে। কথাটো ইমান আচম্বিতে সুধিলে যে মই ততেই নাপালো.. ভবাই নাচিলো, এইবোৰ কথাত কেতিয়াবা সোমাব লাগিব বুলি। খকা মকাকৈ কলো, থিক আছে বুলি, পাছত ভাবি বৰ দিগদাৰ পাইছো এতিয়া.. লগতে বেয়া কাম কৰি ধৰা পৰাৰ ভয়তো আছেই..

কিন্তু বেয়া কাম কৰাত বাধা নিদি কৰোতাৰ লগত হলি গলি কৰাটোও সমানেই বেয়া কথা.. দস্যু ৰত্নাকৰৰ মাক বাপেকে, পুত্ৰ পৰিবাৰে পাপৰ ফল নোলোৱাতো কিমান সঠিক মই নাজানো, কিন্তু বেয়া কাম কৰা জনৰ লগত থাকি সেই ধনৰ সুবিধা লই, পাছত সেই পাপৰ ফল ভাগী নহও বুলি কলেইটো নহব.. পাপৰ ভাগী তুমি ইতিমধ্যে হলাই, যেতিয়াই তুমি সেই জনৰ পৰা উপহাৰ ললা, লগত থাকি ধন উৰালা..বঙালী গায়ক সুমন ছত্তোপাধ্যায়ে ঠিকেই গাইছিল 'আমিও ভন্দ অনেকেৰ মত, গান দিয়ে ধাকি জীৱনেৰ ক্ষত'...

No comments:

Post a Comment