Wednesday, May 23, 2007

আধূনিকতাৰ জখলা

তাঁহাতে ছোৱালী জনীক কম বয়ষতে স্কুলত দিলে, দুবছৰ হোৱাৰ আগতেই। ককাক আইতাকহঁতে আপত্তি অলপ কৰিছিল, মূখ ফূটাই নকলেও, অসন্তুস্তিটো জানিবলে দিছিলে। কিন্তু তাৰ মতে আজিৰ দিনত সেইটোহে ভাল উপায়। সিহঁত মহানগৰত থাকে, ফ্লেটত, ঘৰৰ দৰজাৰ বাহিৰ হলেই খেলিবলে লগ পাব, তেনে কথা নাই আৰু তেনে জেগাও নাই। যুগ সলনি হয়, মানুহৰ জীৱন ধাৰণৰ ৰূপ বদলে । তাঁহাতৰ মাকহঁতে কয়, তাই বেচেৰীৰ খেলাৰ ঠাই নায়, লগ নাই, মাক বাপেকৰ চাকৰিৰ আকাংশাৰ ফল তাই ভোগিছে.. কিন্তু সকলো অপেক্ষাকত। মাক বাপেক গাঁৱত ডাঙৰ হোৱা, সিহঁত চহৰত, জীয়েক মহানগৰত। শিক্ষাৰ সন্ধানত, জীবিকাৰ তাৰণাত বাপেকে গাঁৱ এৰিছিলে, এতিয়া সিহঁতে চহৰ। গতিকে জীৱনৰ গতি সলনি হৈছে, সুযোগ সুবিধাও সলনি হৈছে। আগৰ মুকলি মূৰীয়া বোকা মাটি এতিয়া স্কুলত গৈ-হে পায়, গতিকে তাইক স্কুললৈ পথিয়াব পৰাতো ভাল বুলিহে ভাবে সি। স্কুলত খেলা ধূলাৰ বহুত বস্তু, সন্মুখতে বননি এটুকুৰা, বালি এচকল, জূলনা আদিৰে আছে। তাই যদি ঘৰত থাকিলে হয়, তাই ইমান খেলাৰ বস্তু নাপায়, লাগে মাক বা বাপেকে চাকৰি নকৰি তাইৰ লগতে ঘৰতে থাকক। মানুহবোৰে ইচ ইচাই থকাতো সি অবুজনৰ লক্ষন বুলি ধৰি লয়.. লগৰ ল'ৰা ছোৱালীৰ লগত স্কুলত খেলক, মাটি বালি চুৱক, কিবা কিবি শিকক। বন্ধত গৈ ককাক আইতাকহঁতৰ মুকলি আকাশৰ তলত খেলিব, আকৌ উভতি আহিব মহানগৰলৈ। ছোৱালীয়ে কেচা মাটি দেখক বুলি সিহঁত কিমান পিচুৱাব, চহৰলৈ নে একেবাৰে গাঁৱলৈ। তাতকৈ মহানগৰত থাকি তাঁহাতে মহানগৰৰ আন সুবিধাবোৰ তাইক দিয়াহে কথা। আধূনিকতাক সাবতি লবই লাগিব, তাৰে মাজত থাকি তাই বৰ্তমানৰ ভাল খিনি লব আৰু বাপেক হিচাবে সি দিব লাগিব। এনেকৈয়েইটো মানুহ আধূনিকতাৰ জখলাত বগাই যায়...

No comments:

Post a Comment