Tuesday, May 22, 2007

অন্ধ

তাৰ চকু কেইটাই অলপ দিগদাৰ দি থাকে.. অলপ বুলি কলে ভূলেই হব.. তাকে লৈ ঘৰখনৰ চিন্তা..

চাকৰি সি কৰে, ভাল চাকৰি, চকুৰ অসুষটো নোহোৱাহলেটো আৰু চিন্তাই চাগে নহল হয়. একাগ্ৰতা থকা মানুহ, পঢ়াশুনা ঠিকে ঠাকে কৰিছে, কৰি উঠি চাকৰি কৰিচে, ঘৰৰ কথা মতে বিয়া পাতিছে, কোনো এটা বেয়া অভ্যাস নাই, একো নিচা পাতি নকৰে.. এতিয়া সি ভালকৈ নেদেখে, চাকৰি কেনেকৈ কৰিছে নাজানো.. চখ থকা ল'ৰা আছিল সি, চবি আঁকে, নাটক কৰে, গান গায়.. এতিয়া তাৰ কাৰণে পথিৱীখন বহু পৰিমানে অন্ধকাৰ, ফূৰিবলে যায়, কিন্তু কি দেখে বাৰু সি?

সমাজখনে পংগুত্বক সহজে লব নোৱাৰে, চকু বেয়া বুলিলে চাকৰি যাব পাৰে তাৰ, লোকে পুতৌ কৰিব, হাঁহিব.. গতিকে নিজৰ অক্ষমতাক ধাকিও ৰাখিব লাগে সি.. নহলে চাগে তাৰ জীৱন অলপ উজুৱেই হল হয়, এই অসূখটোক সি মুকলি মূৰীয়াকৈ চম্ভালিব পাৰিলে হয.. বয়স্ক বাপেক মাকৰ ভাল যত্ন ললে হয় সি, কিন্তু ভালে থকা হলে..

বুদ্ধদেৱে কৈছিল, মোক এনে এঘৰ মানুহ দেখুৱা যাৰ ঘৰত শোক নাই.. সৰুতে লগৰ কাৰোৰ কাৰোৰ ভাল কবা দেখি ভাবিছিলো, তাহাঁতৰহে ভাল বুলি, আজি মই জানো, একাষাৰে নিজৰ ভাল বুলি কবলৈ হলে মানুহ আত্মসন্তুস্ত হব লাগিব.. বহিৰ্দষ্টিত মানুহৰ ভাল বেয়া থাকেই, তাৰ ভাল ভাগটো বাচি লব পাৰিব লাগিব..

সাধাৰণ জীৱন যাপনত কোনো বীৰত্ব নাই.. তাৰ ভাগ্য ভাল, শাৰিৰীক ভাবেহে অক্ষম সি, মানসিক ভাবে নহয়.. শাৰিৰীক অক্ষমতাক জয় কৰি, সফলতাৰে সমাজলৈ অৱদান দি যাব পাৰিলেই, সি জীৱন যূজৰ প্ৰকত বিজযী হব।।

No comments:

Post a Comment